সমললৈ যাওক

পতংগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পতংগ
জীৱাশ্ম কাল: 396–0Ma Early Devonian - Recent
কিছুমান পতংগ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta

পতংগ হ'ল সন্ধিপদী পৰ্বৰ অন্তৰ্গত অমেৰুদণ্ডীৰ প্ৰাণীৰ এটা শ্ৰেণী। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে। ই হ'ল বিশ্বৰ আটাইতকৈ বৈচিত্ৰ্যময় প্ৰাণীৰ গোট, প্ৰায় ১ নিযুত প্ৰজাতিৰে সৈতে সমগ্ৰ জীৱৰ আধাতকৈও বেছি বিদ্যমান। [1][2] পতংগ প্ৰায় সকলো পৰিৱেশতেই পোৱা যায়।

অসমৰ পোক-পৰুৱা

[সম্পাদনা কৰক]

অসমৰ পোক-পৰুৱা বুলিলে সাধাৰণতে অসমৰ প্ৰাকৃতিক পৰিৱেশত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পতংগ আদিক বুজা যায়। অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন-জংঘলৰ পৰিমাণ বেছি বাবেই এই ভূখণ্ডত পোক পৰুৱাৰ সংখ্যা আগণন। কিছুসংখ্যক পোক পৰুৱা নাম তলত উল্লেখ কৰা হ'ল-

আনপোতনি, আমৰলি, আলহী পৰুৱা, উই, উই চিৰিঙা, উৰহ, ককা, কাকতি ফৰিং, কালিন্দী ভোমোৰা, কুকুৰ মাখি, কুণকুণি মাখি, কুঁজী বিচা, কুম জেলেকুৱা, কুমাৰণি, কেৰেলুৱা, খৰিকা গান্ধী, গগিনী, গান্ধী পোক, গুণগুণি, গোম চেলা, গুৰি পৰুৱা, গুবৰুৱা, চগা, চৰহা, চাম চৰিয়া, চিনাজোন, জেঠী, জেলুক, জেলেকীয়া, কেচু, জোক, টকৌ, টৌকা পৰুৱা, টোপোলাকটা, ডাঁহ ,ঢৰীয়া তামুলী পৰুৱা, তামুলী ফৰিং, তেলেনী পৰুৱা, দিনকণা, পইতাচোৰা, বগা পৰুৱা, বৰ কেৰেলুৱা , বৰ মকৰা, বাঘ মকৰা, বিছা পখিলা, বোন্দাকেচু, ভালুক মকৰা, ভুতুনী মহ, ভেনা মাখি, নজাৰলি, মহ, মাখি, মাটিছেলা, মোৱা পোক, ৰঙা পোক, লেকলৌ পৰুৱা, শুকানি পৰুৱা, শুকানি ফৰিং, শূল পোক, সোন পৰুৱা আদি।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ Chapman, A. D. (2006). Numbers of living species in Australia and the World. Canberra: Australian Biological Resources Study. ISBN 978-0-642-56850-2. http://www.deh.gov.au/biodiversity/abrs/publications/other/species-numbers/index.html.
  2. ↑ Wilson, E.O.. "Threats to Global Diversity". Archived from the original on 20 February 2015. https://web.archive.org/web/20150220154543/http://www.globalchange.umich.edu/globalchange2/current/lectures/biodiversity/biodiversity.html। আহৰণ কৰা হৈছে: 17 May 2009.
  3. ↑ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা.