সমললৈ যাওক

কুমাৰ ভৱেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুমাৰ ভৱেশ
অসমীয়া সংগীতশিল্পী কুমাৰ ভৱেশ
কুমাৰ ভৱেশ, অসমীয়া সংগীতশিল্পী
জন্ম ভৱেশ কলিতা
মিৰ্জা জামৰতল, কামৰূপ, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কণ্ঠশিল্পী, নেপথ্য গায়ক, সুৰকাৰ, সংগীত প্ৰযোজক, গীতিকাৰ, অভিনেতা, সমাজকৰ্মী
সক্ৰিয় হৈ থকা সময় ১৯৯৩–বৰ্তমান
জনা যায় দেহাজান, জেউতি, সোণপাহী
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী হিৰামণি দাস
সন্তান চানভি আৰু প্ৰিশ

কুমাৰ ভৱেশ (ইংৰাজী: Kumar Bhabesh), প্ৰকৃত নাম: ভৱেশ কলিতা; জন্ম: মিৰ্জা, কামৰূপ গ্ৰাম্য এগৰাকী অসমীয়া কণ্ঠশিল্পী[1], সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ অসমীয়া সংগীতৰ লগতে বিভিন্ন ভাষাৰ গীততো কণ্ঠদান কৰিছে।[2][3] ঘাইকৈ নব্বৈৰ দশকৰ শেষৰ ভাগৰপৰা বৰ্তমানলৈকে অসমীয়া আধুনিক সংগীত[4], বিহু গীত[5], চাহ জনগোষ্ঠীয় আধুনিক গীত, কথাছবি[6] আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীত জগতলৈ তেওঁ উল্লেখনীয় বৰঙনি যোগাই আহিছে। ভাৰতৰ আগশাৰীৰ অভিজাত প্ৰযোজনা প্ৰতিষ্ঠান এইচ.এম.ভি. সাৰেগামা[7] আৰু টাইমচ মিউজিকৰ[8] সৈতে চুক্তিবদ্ধ হোৱা তেওঁ অসমৰ অন্যতম শিল্পী। তেওঁৰ ১৯৯৮ চনৰ নৱেম্বৰ মাহত মুক্তিপ্ৰাপ্ত দেহাজান[9] এলবামটোৱে সেই সময়ত অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ বজাৰতো অভিলেখ সংখ্যক বিক্ৰী লাভ কৰিছিল। এই এলবামৰ 'নাযাবা নাযাবা সোণ মোকে এৰি থৈ' (Najaba Najaba[10]) গীতটো আজিও অত্যন্ত জনপ্ৰিয়।।[11] 'দেহাজান' অসমীয়া অডিঅ' কেছেটৰ যুগৰ এক অত্যন্ত জনপ্ৰিয় আৰু ব্যৱসায়িকভাৱে সফল এলবাম আছিল। বিশেষকৈ নব্বৈৰ দশক বা ২০০০ চনৰ প্ৰথমভাগত এই এলবামে অসমৰ সংগীত জগতত এক ডাঙৰ আলোড়নৰ সৃষ্টি কৰিছিল আৰু সেই বছৰৰ সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া এলবাম হিচাপে স্বীকৃতি লাভ কৰিছিল। তদুপৰি তেওঁ কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে যুটীয়াভাৱে গোৱা দেহাজান ২০১২[12] শীৰ্ষক বিহুসুৰীয়া বিহু এলবামে মুক্তিৰদিনাই অভিলেখসংখ্যক ৪০ হাজাৰ কেছেট বিক্ৰীৰে অসমৰ শ্ৰৱ্য বজাৰৰ ইতিহাসত এক নতুন অভিলেখ সৃষ্টি কৰিছিল। তেওঁৰ কণ্ঠই ২৫০তকৈ অধিক গীতৰ এলবামত তথা অসমীয়াৰ[13] লগতে হিন্দী[14], ভোজপুৰী[15], বাংলা[16], বড়ো, গাৰো, চাহ-বাগানীয়া[17], কোচ ৰাজবংশী / গোৱালপাৰীয়া, ৰাভা ইত্যাদি ভাষাৰ গীতৰ উপৰি বৰগীত, বিহুগীত, লোকগীত, বনগীত[18], টোকাৰী গীত, নাম, ভক্তিমূলক গীত, ইছলাম ধৰ্মৰ গীত[19], শৰণীয়া জনগোষ্ঠীৰ গীতে[20] প্ৰাণ পাই উঠিছে। দেহাজানৰ উপৰিও কুমাৰ ভৱেশৰ আন কেইটামান বহুল বিক্ৰী হোৱা তথা জনপ্ৰিয় এলবাম হৈছে:মাইজান (Maijaan), ৰুকছানা (Ruksana), জেউতি (Jeuti), সোণপাহী (Xunpahi), কামৰূপীয়া ছোৱালী (Kamrupia Sowali), জোনাক (Jonak)

প্ৰাৰম্ভিক জীৱন আৰু সংগ্ৰাম

[সম্পাদনা কৰক]

কুমাৰ ভৱেশৰ জন্ম কামৰূপ জিলাৰ মিৰ্জাৰ গোপালপুৰত হৈছিল।[3] তেওঁৰ পিতৃ আছিল প্ৰয়াত চন্দ্ৰধৰ কলিতা, যি দক্ষিণ কামৰূপৰ এজন দক্ষ চৰকাৰী বাছ চালক আছিল। কুমাৰ ভৱেশৰ শৈশৱ আৰু ছাত্ৰজীৱন যথেষ্ট সংগ্ৰামৰ মাজেৰে অতিবাহিত হৈছিল। তেওঁ প্ৰাৰম্ভিক সময়ত ছয়গাঁৱৰ পাণ্টান হাইস্কুলত চাকৰি জীৱন আৰম্ভ কৰে। তাৰ আগতে তেওঁ মিৰ্জাত[3] ধাবাৰ ব্যৱসায় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আৰ.বি. হাইস্কুলত অধ্যয়ন কৰে যদিও সংগীত সাধনাৰ বাবে আধাতে আনুষ্ঠানিক শিক্ষা এৰে। ১৯৯৩ চনৰপৰা তেওঁ মঞ্চত লাইভ সংগীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ১৯৯৬ চনৰপৰা তেওঁৰ এলবাম মুক্তি পাবলৈ আৰম্ভ কৰে।[3] সংগীত জীৱনৰ আৰম্ভণিতে তেওঁ বিভিন্ন মঞ্চত হিন্দী গীত পৰিৱেশন কৰিছিল।[21] ১৯৯৩ চনত তেওঁ এখন মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে আয়োজকে তেওঁৰ নাম ভৱেশ কলিতাৰ সলনি কুমাৰ ভৱেশলৈ সলনি কৰে। তেতিয়াৰপৰা তেওঁ কুমাৰ ভৱেশ নামেৰে জনপ্ৰিয়।[22] ১৯৯৬ চনৰ জানুৱাৰী মাহত তেওঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ড° সংগীতা কাকতিৰ সৈতে মিলি তেওঁৰ প্ৰথম অসমীয়া শ্ৰৱ্য কেছেট পৰী বাণীবদ্ধ কৰে।[3][2] ইয়াৰ পিছতে ১৯৯৭ চনত তেওঁ পুৱা আৰু প্ৰতিশ্ৰুতি নামৰ দুখন এলবাম আৰু পৰৱৰ্তী সময়ত দেহাজান[23], জেউতি, জোনাক, সোণপাহী, অনুপমা , মইনা[24] , চন্দা (CHANDA) আদি এলবামত কণ্ঠদান কৰে।[2][25]

পেছাদাৰী সংগীত জীৱন

[সম্পাদনা কৰক]
মঞ্চত গীত পৰিবেশন কৰা অৱস্থাত

কুমাৰ ভৱেশৰ প্ৰথম উল্লেখযোগ্য অসমীয়া এলবাম পৰী। ২০১৫ চনত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি, পৰী-ৰ পৰা আৰম্ভ কৰি তেওঁ তেতিয়ালৈকে ৭০খনতকৈ অধিক অসমীয়া এলবামত কাম কৰিছিল।[2] তেওঁৰ দেহাজান এলবামৰ নাযাবা নাযাবা সোণ মোকে এৰি থৈ গীতটো বিশেষভাৱে জনপ্ৰিয় হৈছিল।[2][25][26]

অসমীয়া সংগীতৰ উপৰি কুমাৰ ভৱেশে ভোজপুৰী সংগীততো কাম কৰিছে। আসাম টাইমছৰ ২০১৫ চনৰ প্ৰতিৱেদন অনুসৰি, তেওঁৰ প্ৰথম ভোজপুৰী এলবাম আছিল খাটিয়া হিলেলা।[2][27]

  • দেহাজান (১৯৯৮): এইটো কুমাৰ ভৱেশৰ কেৰিয়াৰৰ সফল আধুনিক গীতৰ এলবাম আছিল। নাযাবা নাযাবা মোকে এৰি থৈ[28], বিহুৰে বতৰত আছা যে লুকাই[29] গীত দুটি সমগ্ৰ অসমতে কালজয়ী হিচাপে পৰিগণিত হয়। এই এলবামটোৰ বিপুল জনপ্ৰিয়তাৰ বাবেই অসমৰ লগতে চুবুৰীয়া ৰাজ্যতো এই এলবামৰ গীতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৯৮ চনৰ দেহাজান এলবামটোৰ সংগীত প্ৰকাশৰ সৈতে Times Music-ৰ সম্পৰ্কও সংগীত-তথ্যভাণ্ডাৰত নথিভুক্ত হৈছে।[9][7]
  • দেহাজান (২০০৮): আলপাইন প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই এলবামটোত তেওঁ আৰু জুবিন গাৰ্গে একেলগে কণ্ঠদান কৰিছিল। ইয়াত অন্তৰ্গত কামৰূপীয়া ছোৱালী ঐ দেখাত যে বৰ ধুনীয়া তই[30] গীতটো সমগ্ৰ অসমতে জনপ্ৰিয় হৈছিল।[31]
  • চাহ জনগোষ্ঠীয় এলবাম: তেওঁ চাহ জনগোষ্ঠীয় আধুনিক গীতৰ এলবাম চন্দাত কণ্ঠদান কৰিছে।[32] ইয়াৰ জনপ্ৰিয় গীতসমূহ হৈছে— নাম কি বাতা, ডলে ডলে দিল বলে, দেখলেৰে কাহাকেৰ ছবি[32] আৰু আইগেলো কিয়ে জামানা।
  • অন্যান্য জনপ্ৰিয় গীত আৰু এলবাম: জুবিন গাৰ্গৰ সৈতে থকা তেওঁৰ যুটীয়া কণ্ঠৰ গানে গানে উঠলিছে প্ৰাণ, প্ৰিয়াৰ প্ৰিয়[36] গীত দুটাই যথেষ্ট জনপ্ৰিয়তা বুটলিছিল। ইয়াৰ উপৰি এলবাম জোনাকৰ অন্তৰ্গত নিশাৰ উচপনি, একক গীত অকলে অকলে জানানে তুমি[37], বগীতৰা এলবামৰ নেঘেৰি খোপাতে কপৌফুল[38] আৰু মাইজ়ান[39], ৰুকছানা[40], ঢুলীয়া ককাই[41], হীনা, শ্ৰদ্ধাঞ্জলি, বহু দিন দেখা নাই[42] আদি তেওঁৰ অন্যতম সৃষ্টি।
কুমাৰ ভৱেশৰ কিছু গীতৰ এলবাম

কুমাৰ ভৱেশৰ শ্ৰব্য এলবামসমূহ:

[সম্পাদনা কৰক]
কুমাৰ ভৱেশৰ গীতৰ কেছেট
কুমাৰ ভৱেশৰ এলবাম
  1. পৰী [21]
  2. পুৱা[21]
  3. প্ৰতিশ্ৰুতি[21]
  4. দেহাজান[21][43]
  5. জেউতি[21][44]
  6. সোণপাহী[21]
  7. বাটৰুৱা[45]
  8. সৰুমাই[46]
  9. ৰুকচানা (ইছলাম ধৰ্মৰ গীতৰ কেছেট)[21][47]
  10. ৰোজা (ইছলাম ধৰ্মৰ গীতৰ কেছেট)[48]
  11. এসোনা  এসোনা (বাংলা ভাষাৰ এলবাম)
  12. অনুপমা[49][50]
  13. পমিলি বাই[51]
  14. কামৰূপীয়া-ছোৱালী (জুবিন গাৰ্গৰ সৈতে)[52]
  15. জোন-তৰা
  16. জোনাক (জনপ্ৰিয় কণ্ঠশিল্পী সুনীতা ৰাওৰ সৈতে )[53]
  17. মোৰ গান
  18. বেষ্ট অফ কুমাৰ ভৱেশ
  19. মোৰ দেহাজান[54]
  20. আকৌ দেহাজান
  21. ঢুলীয়া ককাই[55]
  22. দিপাঞ্জলী[56]
  23. যামিনী
  24. সপোন
  25. সপোনৰ পৰী
  26. বাৰো মাসে তেৰো ফুল (গোৱালপৰীয়া গীতৰ এলবাম)[57]
  27. কুমাৰ ভৱেশ লাইভ[58][59]
  28. চেনি মিঠা (অমিতাভ বচ্চন, সুদেশ ভোঁচলে, জঁজৰ সৈতে)
  29. মনলৈ বহাগ
  30. শিহৰণ[60]
  31. জানেমণ (হিন্দী গীতৰ এলবাম)[61]
  32. খাটিয়া হিলেলা (ভোজপুৰী গীতৰ এলবাম)[62]
  33. ভোজপুৰী কুমাৰ ভৱেশ (ভোজপুৰী গীতৰ এলবাম)[63]
  34. লাজুকী বাই[64]
  35. ৰংমনকাই[65]
  36. যুদ্ধযাত্ৰা[66]
  37. বহু দিন দেখা নাই[67]
  38. তেজীমলা
  39. পদুমণি
  40. মইনা[24]
  41. নেইনা
  42. অশ্বমেধ
  43. মোৰ জান,
  44. মাইজান[21][68]
  45. অনুভৱ
  46. বনগীত (লোকগীতৰ এলবাম)[69]
  47. চিনাকি কুমাৰ ভৱেশ
  48. নাযাবা নাযাবা মোকে এৰি থৈ[70]
  49. চিকুণ চেংৰি ১-২-৩ (পাতি ৰাভা গীতৰ এলবাম)[71][72][73]
  50. বাবা লংকেশ্বৰ (ভক্তিমূলক গীতৰ এলবাম)[74]
  51. চেতনা (শৰণীয়া কছাৰী গীতৰ এলবাম)[75]
  52. চন্দা (বাগানীয়া গীতৰ এলবাম)[76]
  53. একাঁজলি (শ্ৰদ্ধাঞ্জলি শীৰ্ষক এলবাম)[77]
  54. জলনিধি (বৰগীতৰ এলবাম)
  55. দেহাজাণ ২০১২[78]
  56. ঢোল (বিহু)[79]
  57. নামনিৰ পিৰিতি (বিহু)
  58. শেৱালি (বিহু)
  59. বৰদৈচিলা (বিহু)[80]
  60. পাহাৰী মইনা (বিহু)[81]
  61. দোলা
  62. মন আৰু মৰম
  63. নাচো নাচো মন
  64. লাজুকী নাচনী
  65. ৰাধা
  66. তৰা
  67. মোৰ মন জ্বলে[82]
  68. মোৰ মৰমৰ মৰমী
  69. হীনা [83]
  70. মন[84]
  71. গীত[85][86]
  72. বিগ বেণ্ড[87]
  73. হিয়াৰ পখিলা
  74. হিয়া ভৰা মৰম [88]
  75. তোমাৰ পদুম চকুটি
  76. অভিলাষী মন
  77. মোৰ গানে গানে[89]
  78. ইন্দ্ৰধনু (২০০৯)[90]
  79. অনুপমা তুমি মোৰ
  80. মৰম এনাজৰী (২০০৭)
  81. স্ততিৰ প্ৰথম খোজ (২০১৩)[91]
  82. বলুকা
  83. আজি সখী তৰাদৈ ইত্যাদি

কুমাৰ ভৱেশৰ একক গীত সমূহ:

[সম্পাদনা কৰক]
খগেন গগৈৰ সৈতে মঞ্চত ভৱেশ
২০২২ বৰ্ষৰ বিহু, ছয়গাঁও
  • টম টম [92]
  • এ মাই ভাত হৈছি (কৰোণা ভেকচিন সজাগতা গীত)[93]
  • নাজাবা নাজাবা ঘৰৰ বাহিৰত (কোৰোণা মহামাৰীৰ সময়ৰ গীত)[94]
  • অ পিটি মাৰো না ডুব (বানপানীৰ সমস্যাক লৈ লিখা গীত)[95]
  • নকল কৰি পাছ কৰিব নোৱাৰিলোঁ মেট্ৰিক [96]
  • অ' দেহাজান (২০২১)
  • মাইও ৰে মাইও ৰে (কোচ ৰাজবংশী ভাষাৰ গীত)[97]
  • অ আতা [98]
  • টিলিঙ বজাই বজাই[99]
  • বিভাৱৰী জোনাক নিশা [100]
  • লাক্স চাবোন (সহ কণ্ঠশিল্পী ৰিংকু মজুমদাৰ)[101]
  • চাউল চিৰা দৈ [102]
  • গোৱালপাৰাৰ আপী (সহ কণ্ঠশিল্পী ৰিংকু মজুমদাৰ)[103]
  • এই তিৰি নালাগে মোক
  • 108 (অসমীয়া আৰু হিন্দী দ্বৈত ভাষাত)[104]
  • ছাৰাৰাৰা (হোলী বিশেষ গীত)[105]
  • কোৰোণা মহামাৰী (কৰোণা সজাগতা গীত)
  • অ আপী ডালিমী (সহ কণ্ঠশিল্পী পুলক নিশাচৰ)[106]
  • বগামাটি (পিকনিক বিশেষ গীত)[107]
  • হুল কাটা (ৰেপ)[108]
  • আইচক্ৰীম [109]
  • তই যে কামাল[110]
  • ভদেৰী [111]
  • এন ই ষ্টাৰ ষ্টুডিঅ'ৰ থিম গীত (জুবিন গাৰ্গৰ সৈতে)
  • মাইজান (সহ কণ্ঠশিল্পী বিশ্বজিৎ পাপু)
  • নালগে ড'ক (সহ কণ্ঠশিল্পী চয়নিকা ভূঞা)[112]
  • অসমীয়া ভাই (সহ কণ্ঠশিল্পী ত্ৰৈলোক্য বৈশ্য)
  • মই কটন কলেজৰ ৰূপম বৰা
  • কভিড পূজা (অতনু ভূঞা আৰু অনুজা ভূঞাৰ সৈতে)
  • তুমি জানো জানা সোণ (প্ৰয়াত কণ্ঠশিল্পী অৰুণ দাসলৈ শ্ৰদ্ধা জনাই)
  • চিনেমা চিনেমা[113]
  • বহাগত পাতিম বিয়া (সহ কণ্ঠশিল্পী বন্দিতা বৰুৱা)[114]
  • বিউটিফুল ছোৱালী (তানা দেৱৰাজৰ সৈতে)
  • বান্দৰৰ নাচ (থিয়েটাৰ সূৰ্য্যৰ নাট মই সেন্দূৰ নলওঁৰ গীত)
  • আমাৰ একটা শালি আছে (বাংলা ভাষাৰ গীত)
  • আহিল আকৌ শাৰদীয় দুৰ্গা পূজা (সহ কণ্ঠশিল্পী অমৃতা মিত্ৰা)
  • ভালো (বাংলা ভাষাৰ গীত)
  • জীৱন ৰে (বাংলা ভাষাৰ গীত)
  • কিদৰে পাহৰোঁ টোক
  • তোমাৰ ৰূপে[115]
  • তুমি প্ৰাণ প্ৰিয়তম (টোকাৰী গীত)
  • তুমি জোনাক
  • চেনিমাই (সহ কণ্ঠশিল্পী পিনা দেৱ ৰাগ)
  • সৰস্বতী (সৰস্বতী পূজা বিশেষ গীত)
  • প্ৰেৰণা (সহ কণ্ঠশিল্পী ঋতু প্ৰতীম)
  • ঐ আপী ঐ আপী
  • গোৱালপৰীয়া চেংৰী
  • বন্ধু (বন্ধুত্ব দিৱসৰ গীত বিশেষ)[116]
  • মাতাল গায়ক (চিৰঞ্জীৱ থিয়েটাৰৰ গীত)
  • কলৈ যোৱা ভণ্টি তুমি
  • কোকৰাঝাৰৰ চিখলা (সহ কণ্ঠশিল্পী সাগৰিকা)
  • কি কথা কোৱা (সহ কণ্ঠশিল্পী জ্যোতিকা কলিতা)
  • কচম চে (সহ কণ্ঠশিল্পী বন্দনা)
  • ফুড মেলা (পলাশবাৰী ৰাসৰ মেলা গীত)
  • দলগাঁও আদৰ্শ বিদ্যালয়ৰ শীৰ্ষ গীত (theme song)
  • বিহু চাবলৈ ওলোৱা ভনী (সহ কণ্ঠশিল্পী অলংকৃতা ৰূপাংকৃতা)
  • ভেলপুৰী (সহ কণ্ঠশিল্পী ববিতা শৰ্মা)[117]
  • এই জাতি এই মাটি (কা বিৰোধী গীত)
  • আহ ঐ আহ (কা বিৰোধী গীত)
  • আহ ঐ আপী আহ (সহ কণ্ঠশিল্পী মিৰ্জাফৰ)
  • নাগাৰা নাম "দু:শল বধ" (ভৱেন চন্দ্ৰ কলিতাৰ সৈতে দ্বৈত)
  • আড্ডা গান[118]
  • বকুলটোলৰ আদালত[119]
  • মোৰ স্বাশ্বত আত্মাই বাৰে বাৰে কয় (দ্বিপেন বৰুৱা, জে পি দাস, দেৱজিত চৌধুৰী আদিৰ সৈতে)
  • উঠন-বঢ়ন (সহ কণ্ঠশিল্পী কেশৱ চেতিয়া)
  • টাকা টপলা (ৰাভা গীত)

ইয়াৰ উপৰিও কুমাৰ ভৱেশে বিগত পঞ্চায়ত, বিধানসভা আৰু লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বহু কেইজন প্ৰাৰ্থীৰ আৰু দলৰ হৈ নিৰ্বাচনী গীতত কণ্ঠদান কৰিছে ।

ধাৰাবাহিক

[সম্পাদনা কৰক]

২০১৮ চনত তেওঁ বিশিষ্ট নাট্যকাৰ তথা চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত ৰং টিভি চেনেলত সম্প্ৰসাৰিত হোৱা ধাৰাবাহিক বকুলতলৰ আদালত-ৰ মূল টাইটেল ট্ৰেকটোত কণ্ঠদান কৰিছে।[120][121]

ভ্ৰাম্যমাণ থিয়েটাৰ

[সম্পাদনা কৰক]

কুমাৰ ভৱেশে ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবাখনো নাটকৰ গীতত কণ্ঠদান কৰিছে। নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মই সেন্দূৰ নলওঁ নাটকৰ ‘মই বান্দৰ’ শীৰ্ষক গীতটোত তেওঁ কণ্ঠদান কৰিছিল। একেদৰে, চিৰঞ্জীৱ থিয়েটাৰৰ মাতাল গায়ক নাটকৰ শীৰ্ষ গীত ‘মাতাল গায়ক মই মাতাল গায়ক’-তো তেওঁ কণ্ঠদান কৰে। তেওঁৰ জনপ্ৰিয় গীত ‘চাকিৰা আহিব বকুলতলৰ বিহুলৈ’ প্ৰাগজ্যোতিষ থিয়েটাৰৰ ২০১৮–১৯ নাট্যবৰ্ষত একে নামৰ নাটকখনত ব্যৱহাৰ কৰা হৈছিল।[122] সন্মিলিত নাট্যগোষ্ঠীৰ নিবেদিত ‘অভিশপ্ত সিংহাসন’ নাটত কণ্ঠদান I

চলচ্চিত্ৰৰ গীত

[সম্পাদনা কৰক]

২০২৫ চনৰ ৯ মে'ত ছবিগৃহত মুক্তি লাভ কৰা অসমীয়া বোলছবি কেছেটো নগেন-ৰ মূল আকৰ্ষণ হিচাপে থকা টাইটেল ট্ৰেক[123][124] The Nagen Song[125] গীতটিত কুমাৰ ভৱেশে কণ্ঠদান কৰি চলচ্চিত্ৰ সংগীতৰ জগতত অৱদান আগবঢ়ায়।[126] কুমাৰ ভৱেশে মুনিন বৰুৱাৰ প্ৰিয়াৰ প্ৰিয়, চন্দ্ৰ মুদৈৰ ভোলা বমভোলা[127], হিমাংশু প্ৰসাদ দাসৰ ছাকিৰা আহিব বকুল তলৰ বিহুলৈ[128][129], বুলু ফিল্ম[130], ২০১১ চনৰ মন, ২০১২ বৰ্ষৰ প্ৰিয়ামনি, ২০০৮ বৰ্ষৰ ধন কুবেৰৰ ধন[131], ২০১৮ চনৰ ভাৱৰীয়া[132][133] [134]ইত্যাদি চিনামাত কণ্ঠদান কৰাৰ উপৰি দেহাজান, ছিণ্ডিকেট, চিকুণ আপী[135] আদি ভিচিডিত কণ্ঠদান কৰিছে। তৰা শীৰ্ষক ভিচিদডিত কুমাৰ ভৱেশে প্ৰয়াত ভিতালি দাসৰ সৈতে 'লপককৈ-ঘপককৈ' নামৰ এটি নাঙেলি গীত গাইছিল । ভৱেশে ব্ৰজেন বৰা পৰিচালিত ৩১ অক্টোবৰ, ২০০১ তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া বোলছবি গৰম বতাহ-ৰ এটি গীত 'বহাগ মাহত গছৰ ডালত' কণ্ঠদান কৰিছিল I[136][137]

কুমাৰ ভৱেশে ২০১২ চনত এলপাইন প্ৰডাকচনৰ অধীনত নিৰ্মিত 'দেহাজান' শীৰ্ষক ভিচিডি ছবিত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তেওঁ ৰজী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত 'প্ৰীয়ামনি ' শীৰ্ষক ভিচিডি আৰু ২০১৮ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ 'ভাৱৰীয়া'-ত সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল।[138] টেলিভিছনত অভিনয় হিচাপে তেওঁ ৰং চেনেলত প্ৰচাৰিত 'বকুলতলৰ আদালত'[121] শীৰ্ষক ধাৰাবাহিক খনৰ মুখ্য গীতটিত অভিনয় কৰিছিল ।

চৰকাৰী স্বীকৃতি আৰু সমাজসেৱা

[সম্পাদনা কৰক]
২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত কামৰূপ জিলাৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে
  • ভাৰতৰ নিৰ্বাচন আয়োগৰ জিলা আইকন (২০২৪): ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কামৰূপ জিলা প্ৰশাসন আৰু নিৰ্বাচন বিভাগৰ (SVEEP) তৰফৰপৰা কুমাৰ ভৱেশক আনুষ্ঠানিকভাৱে কামৰূপ জিলাৰ "ব্ৰেণ্ড এম্বেছেডৰ তথা জিলা আইকন" (District Icon for SVEEP) হিচাপে মনোনীত কৰা হয়। জিলা উপায়ুক্ত কীৰ্তী জল্লীৰ উপস্থিতিত ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে তেওঁ বিশেষ ভূমিকা পালন কৰে।[139]
  • মানৱীয়তা: অসমৰ এজন জ্যেষ্ঠ তথা অসুস্থ কণ্ঠশিল্পী কুমাৰ সঞ্জীৱৰ দুৰৱস্থাৰ কথা ফেচবুক প’ষ্টৰ জৰিয়তে পোহৰলৈ আনি তেওঁ অসম চৰকাৰৰ তৰফৰপৰা এক লাখ টকাৰ তাৎক্ষণিক চিকিৎসা সাহায্য CMO-ৰপৰা লাভ কৰাই দিয়াৰ ক্ষেত্ৰত মূল হোতা হিচাপে কাম কৰিছিল।
  • তেওঁ ২০২৬ চনত উজনি অসমৰ শিৱসাগৰ জিলাত হোৱা বানপীড়িত লোকসকলৰ বাবে অৰ্থ সংগ্ৰহ কৰি সাহায্য প্ৰদান কৰিছিল ।[140][141]
  • কোৰোণা মহামাৰীৰ সময়ত তেওঁ "কোৰোণা ভেকচিন" আৰু "নাযাবা নাযাবা ঘৰৰ বাহিৰত" শীৰ্ষক দুটি গীতেৰে ৰাইজক কোৰোণা ভেকচিন লবলৈ আৰু ঘৰৰ বাহিৰলৈ ওলাই নাযাবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল ।[142]
  • গুৱাহাটী মহানগৰীৰ বানপানী সমস্যাক চৰকাৰৰ আগত দাঙি ধৰিব পৰাকৈ তেওঁ গীত "বানপানী" সৃষ্টি কৰিছিল ।[143]

লাভ কৰা বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
২০০৫ নুনমাটি বিহু সন্মিলনৰ শ্ৰেষ্ঠ পৰিৱেশক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কুমাৰ ভৱেশৰ
কুমাৰ ভৱেশলৈ কমতাশ্ৰী বঁটা ২০২২
  • নুনমাটি বিহু সন্মিলন বঁটা (২০০৫): সৰ্বশ্ৰেষ্ঠ পৰিৱেশনকাৰী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ।
  • ইউটিউব চিলভাৰ ক্ৰিয়েটৰ বঁটা (Silver Play Button): ইউটিউবৰ তৰফৰপৰা ১ লাখ চাবস্ক্ৰাইবাৰ অতিক্ৰম কৰা চিলভাৰ মাইলষ্ট’ন বঁটা।
  • সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সংগীত শিল্পী বঁটা (২০১৮): নগাঁও জিলাৰ কামপুৰৰ সামাজিক অনুষ্ঠান ‘আচপাচ’ৰদ্বাৰা প্ৰদত্ত।
  • জুবিন গাৰ্গ সমন্বয় বঁটা (২০২২): সন্মিলিত জনকল্যাণ মঞ্চ, পলাশবাৰীৰ তৰফৰপৰা প্ৰদত্ত।
  • কামাতাশ্ৰী বঁটা (২০২২): কামাতাপুৰ কোচ-ৰাজবংশী শিল্পী সমাজৰ উদ্যোগত ফকিৰাগ্ৰামত প্ৰদত্ত।
  • সংগীতৰত্ন ৰামধেনু বঁটা (২০২২): বিহগী মিডিয়া গ্ৰুপ, অসমৰ পূৰ্ণাংগ অধিৱেশনত প্ৰদত্ত শ্ৰেষ্ঠ শিল্পীৰ সন্মান।
  • কণ্ঠশ্ৰী বঁটা (২০২২): সংগীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত প্ৰয়াত বাণেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী বিশেষ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানত ২০২২ বৰ্ষৰ সন্মানীয় কণ্ঠশ্ৰী বঁটা।
  • আন্তৰিক অভিনন্দন সন্মান (২০২৩): বৰপুখুৰী শিশুখেল সমিতি আৰু পদুমকলি সংঘ (ওদালগুৰি জিলা)ৰ সোণালী জয়ন্তী উদ্‌যাপন উপলক্ষ্য্য্যে প্ৰদত্ত।
  • ৰূপালী কণ্ঠ উপাধি: উপৰহালী কণ্টিপুৰ সুৰক্ষা সমিতিৰফালৰপৰা ২০২৩ বৰ্ষত ৰূপালী কণ্ঠ উপাধি প্ৰদান।
  • গুৱাহাটী দূৰদৰ্শন (বৰ্তমান প্ৰসাৰ ভাৰতী)ৰ গীতিমালিকা অনুষ্ঠানৰ বঁটা: গুৱাহাটী দূৰদৰ্শনৰদ্বাৰা সম্প্ৰচাৰিত গীতিমালিকা অনুষ্ঠানত সৰ্বোচ্চ অনুৰোধৰ গীতৰ গায়ক বঁটা লাভ।
  • মান বঁটা (২০১১): মিৰ্জা জ্যোতিনগৰ ৰাইজ গয়ৰহ, মিৰ্জা, কামৰূপ, অসমৰদ্বাৰা প্ৰদান কৰা মান বঁটা।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কুমাৰ ভৱেশে কামৰূপ জিলাৰ লঙ্কেশ্বৰৰ নিবাসী হিৰামনি দাসক বিয়া কৰায়।[144] তেওঁলোকৰ দুটি সন্তান । চানভি তেওঁলোকৰ একমাত্ৰ জীয়ৰী আৰু প্ৰিছ হল তেওঁলোকৰ পুত্ৰ ।

২০১০ চনত হিন্দী চলচ্চিত্ৰৰ সংগীত পৰিচালক প্ৰীতমৰ জোৰ কা ঝটকা গীতক লৈ কুমাৰ ভৱেশে সুৰৰ সাদৃশ্যৰ অভিযোগ উত্থাপন কৰিছিল। দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিৱেদন অনুসৰি, ভৱেশে অভিযোগ কৰিছিল যে গীতটোৰ মুখড়া তেওঁৰ ‘Dehati Lahi Lahi’ আৰু অন্তৰা ‘Ruksana’ গীতৰ সৈতে সাদৃশ্যপূৰ্ণ।কেইটামান গীতৰ সুৰৰ সৈতে জোৰ কা ঝটকাৰ সাদৃশ্য থকাৰ অভিযোগ কৰিছিল আৰু বিষয়টোত পৰৱৰ্তী আইনী পৰামৰ্শ লোৱাৰ কথা কৈছিল।[145][146][147] ২০২৬ চনৰ এপ্ৰিল মাহত কুমাৰ ভৱেশে তেওঁৰ নাজাবা নাজাবা মোকে এৰি থৈ গানটো অনুমতি অবিহনে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। Pratidin Time-ৰ প্ৰতিবেদন অনুসৰি, গানটোৰ মূল সুৰ আৰু সংগীত ব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পৰিৱৰ্তিত কথাৰে এটা ভিডিঅ' প্ৰচাৰ কৰা হৈছিল। কুমাৰ ভৱেশে দাবী কৰে যে তেওঁৰ অনুমতি অবিহনে এই সংস্কৰণটো প্ৰচাৰ কৰা হৈছিল আৰু ভিডিঅ'টো আঁতৰোৱা নহ'লে আইনী পৰামৰ্শ লোৱাৰ কথা কয়।[148]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Kumar Bhabesh". Nettv4u. https://nettv4u.com/celebrity/assamese/singer/kumar-bhabesh। আহৰণ কৰা হৈছে: 2026-09-27.
  2. 1 2 3 4 5 6 "Kumar Bhabesh enthrals Kalaigaon". Assam Times. https://assamtimes.org/article/kumar-bhabesh-enthralls-kalaigaon-15921। আহৰণ কৰা হৈছে: 2026-09-27. [সংযোগবিহীন উৎস]
  3. 1 2 3 4 5 "Kumar Bhabesh". Axom Express. https://axomexpress.in/kumar-bhabesh/। আহৰণ কৰা হৈছে: 2026-09-27.
  4. ↑ "Golden Collection of Kumar Bhabesh, Vol. 1". JioSaavn. https://www.jiosaavn.com/album/golden-collection-of-kumar-bhabesh-vol.-1/Kf,Pr4kEjD8_। আহৰণ কৰা হৈছে: 2026-09-27.
  5. ↑ "Bagitora Bihu Song". JioSaavn. https://www.jiosaavn.com/album/bagitora-bihu-song/MkijmwwIOR0_। আহৰণ কৰা হৈছে: 2026-09-27.
  6. ↑ "Case Tu Nagen — Original Motion Picture Soundtrack". JioSaavn. https://www.jiosaavn.com/album/case-tu-nagen-original-motion-picture-soundtrack/KmlOEbmzs-E_। আহৰণ কৰা হৈছে: 2026-09-27.
  7. 1 2 "Kumar Bhabesh — Songs". Saregama. https://www.saregama.com/artist/kumar-bhabesh_3798/songs। আহৰণ কৰা হৈছে: 2026-09-27.
  8. ↑ imdb.com/name/nm9935379/bio/?ref_=nm_ov_bio_sm
  9. 1 2 "Dehajan". Spotify. https://open.spotify.com/album/1RtTLf02B1jsTvs3w9UwQk। আহৰণ কৰা হৈছে: 2026-09-27.
  10. ↑ https://geetsankalan.com/lyrics/Najaba_Najaba
  11. ↑ https://rupaliparda.com/archives/3468
  12. ↑ "Dehajan 2012". YouTube. https://www.youtube.com/watch?v=I856QXBZQuE। আহৰণ কৰা হৈছে: 2026-09-27.
  13. ↑ http://jiosaavn.com/song/o-akash/IRgBQURaTlU
  14. ↑ https://open.spotify.com/album/1zIhSmKaAQ7AAds7ZX1OWT
  15. ↑ https://www.jiosaavn.com/song/khatiya-hilela/SSU5dDp2VWw
  16. ↑ https://www.jiosaavn.com/album/aigalo-kije-jamana/8hK8O2-M-PI_
  17. ↑ https://www.amazon.fr/Dekhlere-Kahaker-Sori/dp/B0H9D3FMZH
  18. ↑ https://gaana.com/album/bon-geet
  19. ↑ https://www.jiosaavn.com/album/roja/zxDedQE0ey0_
  20. ↑ https://www.amazon.com/dp/B072FRXK48?lv=shuf&channelId=500&plpRedirect=mhFallback
  21. 1 2 3 4 5 6 7 8 9 "Kumar Bhabesh — Biography". IMDb. https://www.imdb.com/name/nm9935379/bio/। আহৰণ কৰা হৈছে: 2026-09-27.
  22. ↑ "Kumar Bhabesh — Interview/Programme". YouTube. https://www.youtube.com/watch?v=rQ34G5V6b2w। আহৰণ কৰা হৈছে: 2026-09-27.
  23. ↑ "Dehajan". GeetSankalan. https://geetsankalan.com/albums/Dehajan। আহৰণ কৰা হৈছে: 2026-09-27.
  24. 1 2 https://www.jiosaavn.com/song/moina-dekhi-morom/PycvZBsIegA
  25. 1 2 "কুমাৰ ভৱেশ সম্পৰ্কীয় বিশেষ প্ৰতিৱেদন". Asomiya Pratidin. https://www.asomiyapratidin.in/homepage/special-report-by-vbaskarnileema-on-kumar-bhabesh-12049654। আহৰণ কৰা হৈছে: 2026-09-27.
  26. ↑ "Najaba Najaba". GeetSankalan. https://geetsankalan.com/lyrics/Najaba_Najaba। আহৰণ কৰা হৈছে: 2026-09-27.
  27. ↑ "Khatiya Hilela". JioSaavn. https://www.jiosaavn.com/song/khatiya-hilela/SSU5dDp2VWw। আহৰণ কৰা হৈছে: 2026-09-27.
  28. ↑ "Najaba Najaba". Apple Music. https://music.apple.com/us/song/najaba-najaba/1242223058। আহৰণ কৰা হৈছে: 2026-09-27.
  29. ↑ "Mur Hiya Jole". Apple Music. https://music.apple.com/us/song/mur-hiya-jole/1242224174। আহৰণ কৰা হৈছে: 2026-09-27.
  30. ↑ "Kamrupia Sowali". Apple Music. https://music.apple.com/us/album/kamrupia-sowali/1242304246। আহৰণ কৰা হৈছে: 2026-09-27.
  31. ↑ জুবিন গাৰ্গ
  32. 1 2 "Dekhlere Kahaker Sori". Gaana. https://gaana.com/song/dekhlere-kahaker-sori। আহৰণ কৰা হৈছে: 2026-09-27.
  33. ↑ "Batarua". Gaana. https://gaana.com/album/batarua। আহৰণ কৰা হৈছে: 2026-09-27.
  34. ↑ https://open.spotify.com/artist/5zs9Bd2l5aiZeEMZwKzx8p
  35. ↑ https://assam.nenow.in/chandradhar-baruas-poetry-dhulikona-moi-transformed-in-to-song-by-kumar-bhabesh/
  36. ↑ "Priyar Priyo". Gaana. https://gaana.com/song/priyar-priyo। আহৰণ কৰা হৈছে: 2026-09-27.
  37. ↑ "Okole Okole Janane Tumi". Amazon Music. https://music.amazon.in/tracks/B0GT22BLXW। আহৰণ কৰা হৈছে: 2026-09-27.
  38. ↑ "Negheri Khopate Kopouphool". JioSaavn. https://www.jiosaavn.com/song/negheri-khopate-kopouphool/JD06Wi14WAs। আহৰণ কৰা হৈছে: 2026-09-27.
  39. ↑ "Maizan". Spotify. https://open.spotify.com/track/1ZhN9jiTT6XNaNUK599gWL। আহৰণ কৰা হৈছে: 2026-09-27.
  40. ↑ "Ruksana O Ruksana". SoundCloud. https://soundcloud.com/kumarbhabesh/ruksana-o-ruksana। আহৰণ কৰা হৈছে: 2026-09-27.
  41. ↑ https://gaana.com/album/dhulia-kokai
  42. ↑ "Bohu Din Dekha Nai". GeetSankalan. https://geetsankalan.com/lyrics/Bohu_Din_Dekha_Nai। আহৰণ কৰা হৈছে: 2026-09-27.
  43. ↑ https://www.jiosaavn.com/album/dehajan/sLwvrE7ViHI_
  44. ↑ https://www.jiosaavn.com/album/jeuti-2000/DwzAkKma660_
  45. ↑ "Batarua". YouTube. https://www.youtube.com/watch?v=QNK9akw1Sjc। আহৰণ কৰা হৈছে: 2026-09-27.
  46. ↑ https://www.jiosaavn.com/album/xhorumai/v1F6pX714ps_
  47. ↑ https://www.jiosaavn.com/album/ruksana-kumar-bhabesh/-u5efE8i0t0_
  48. ↑ https://music.apple.com/in/album/roja/1242861100
  49. ↑ https://music.apple.com/us/album/anupama/1514262813
  50. ↑ https://www.jiosaavn.com/album/anupama/3PV98gNcoZY_
  51. ↑ https://www.jiosaavn.com/album/pamili-bai/MYetnVoEiEk_
  52. ↑ https://www.jiosaavn.com/album/kamrupia-sowali/IWTOU,KFFEo_
  53. ↑ https://www.youtube.com/watch?v=k7iSsb0oon8
  54. ↑ https://music.youtube.com/watch?v=H6YbWCsQuEQ&list=PLypGgnGq_p9TFEGH7orvdQbEg8REHlsOJ
  55. ↑ https://www.jiosaavn.com/album/dhulia-kokai/F5ob3P7NDr0_?autoplay=enabled
  56. ↑ https://www.jiosaavn.com/album/dipanjali/Tcb9doiB5aI_
  57. ↑ https://www.jiosaavn.com/album/baro-mase-tero-phool/3UFEyPon5XM_
  58. ↑ https://www.jiosaavn.com/album/kumar-bhabesh-live/hNpZPVlmGLY_
  59. ↑ https://aiyushmandutta.wordpress.com/tag/nupur-bordoloi/
  60. ↑ জিতুল সোণোৱাল
  61. ↑ https://www.jiosaavn.com/album/janeman/X3CIDyuathc_
  62. ↑ https://www.jiosaavn.com/song/khatiya-hilela/SSU5dDp2VWw
  63. ↑ https://www.jiosaavn.com/album/bhojpuri-kumar-bhabesh/I,uDb1LQKUg_
  64. ↑ https://www.jiosaavn.com/album/lajuki-bai/oN4iYA-mph0_
  65. ↑ https://www.jiosaavn.com/album/rangmonkai/8HtuJYz-OHg_
  66. ↑ https://www.jiosaavn.com/album/yudhayatra/EncCDoxlMD4_
  67. ↑ https://geetsankalan.com/albums/Bohu_Din_Dekha_Nai
  68. ↑ https://www.jiosaavn.com/album/maijan/1EpHQvC4jr4_
  69. ↑ https://music.apple.com/us/album/bon-geet/6794786313
  70. ↑ https://rupaliparda.com/archives/3468
  71. ↑ https://www.jiosaavn.com/album/chikun-chengeri-vol.-i/UQ82SG3N1IA_
  72. ↑ https://www.jiosaavn.com/album/chikun-chengeri-vol.-ii/5XAojCsUjU4_
  73. ↑ https://www.jiosaavn.com/album/chikun-chengeri-vol.-iii/ZmjCXmMfgIQ_
  74. ↑ https://www.jiosaavn.com/album/baba-lankeswar/SlqScjBkw5Y_
  75. ↑ https://www.jiosaavn.com/album/chetana/7h9i3e-RiyQ_
  76. ↑ https://gaana.com/album/naam-ki-bata
  77. ↑ https://www.jiosaavn.com/album/akajoli/4z8YVtjSRCM_
  78. ↑ https://www.jiosaavn.com/album/dehajaan-2012/eJliyscO9kA_
  79. ↑ https://www.jiosaavn.com/song/boxontor-ba-laagi/FwwOSERfR2A
  80. ↑ https://open.spotify.com/track/0nM1iSUQKNiH1zOOl8t8LD
  81. ↑ https://www.jiosaavn.com/album/pahari-moina-2001/FHRlroQZanA_
  82. ↑ https://open.spotify.com/track/1YesJzTYazJEUJstiLTrNZ?si=F9jeqoCvSCGFlCs0XJXHIQ
  83. ↑ https://www.jiosaavn.com/song/miss-call/RV8pSQRfUXQ
  84. ↑ https://www.jiosaavn.com/song/bhulotu/GwoqAgwAGmc
  85. ↑ https://www.jiosaavn.com/song/priyotoma/BzpaZEZjeXA
  86. ↑ https://www.jiosaavn.com/song/o-akash/IRgBQURaTlU
  87. ↑ https://www.jiosaavn.com/album/bigband-vol-1/K-r10y1BQpc_
  88. ↑ https://www.jiosaavn.com/song/ek-toka-baro-aana/QDIHVzpBD0E
  89. ↑ https://open.spotify.com/track/4XLdCevR3QOYVxiUc95Vm3?si=vp-tE7zZQiGFdVosay_UcA
  90. ↑ https://www.jiosaavn.com/song/sankardev/HRsDAi4Bdls
  91. ↑ https://www.jiosaavn.com/song/bhulotu/BBsfawRIUV0
  92. ↑ https://www.jiosaavn.com/album/tom-tom/EhredHU7kvY_
  93. ↑ https://www.jiosaavn.com/song/e-maai/Bj9SQUJ5AnQ
  94. ↑ https://www.jiosaavn.com/song/najaba-najba-ghoror-bahirot/PRgeQhtbRgY
  95. ↑ https://www.jiosaavn.com/song/baan-pani/FQAHaTZHXUI
  96. ↑ https://www.jiosaavn.com/song/nakalkori/IhItBjtHYEA
  97. ↑ https://www.jiosaavn.com/song/miore-miore-koch-rajbongshi/OTxSfDtFeHg
  98. ↑ https://www.jiosaavn.com/song/o-ata/Ij9Zbgd-TUA
  99. ↑ https://www.jiosaavn.com/song/tiling-bajai/H1BfdhZIA10
  100. ↑ https://www.jiosaavn.com/album/bibhabori/WlDP0Fh-wr0_
  101. ↑ https://www.jiosaavn.com/song/election-ahise-oi/OjJaVisEQV0
  102. ↑ https://www.jiosaavn.com/song/chaul-chira/JhJTQR94B0s
  103. ↑ https://www.jiosaavn.com/song/goalparar-api/OVE6ckxTYnk
  104. ↑ https://www.jiosaavn.com/song/108-assamese/SDAxVE1RfFE
  105. ↑ https://www.jiosaavn.com/song/sarara/AlgKW0NHZEE
  106. ↑ https://www.jiosaavn.com/song/o-api-dalimi/GSUZHBFnbUo
  107. ↑ https://www.jiosaavn.com/song/bogamati-a-picnic-song/Bi4ZWEwDbmQ
  108. ↑ https://www.jiosaavn.com/song/hulkata/OwAlX1lJaFU
  109. ↑ https://www.jiosaavn.com/song/ice-cream/GgEkcgNBREE
  110. ↑ https://www.jiosaavn.com/song/kamal/RyUOfkAFY3c
  111. ↑ https://www.jiosaavn.com/album/voderi/KGHzRBBwZQs_
  112. ↑ https://www.jiosaavn.com/song/nalge-dok/OFgFAx1,Rn0
  113. ↑ https://www.jiosaavn.com/song/cinema/BhI4Wxl,QgI
  114. ↑ https://www.jiosaavn.com/album/bohagot-patim-bia/A2BSQJEvlR4_
  115. ↑ https://www.jiosaavn.com/song/tumar-rupe/BzkHSRdaVkM
  116. ↑ https://www.jiosaavn.com/album/bandhu/ugiZUhJanHE_
  117. ↑ https://www.jiosaavn.com/song/ghar-bari/KFgqU0wBYnY
  118. ↑ https://m.soundcloud.com/priyans-music/adda-priyaan-dutta-kumar-bhabesh-mp3
  119. ↑ https://rupaliparda.com/archives/6406
  120. ↑ "Bakultolor Adalat — Title Track". YouTube. https://www.youtube.com/watch?v=Mp5c6gnHR_k। আহৰণ কৰা হৈছে: 2026-09-27.
  121. 1 2 https://rupaliparda.com/archives/6406
  122. ↑ https://www.jiosaavn.com/song/shakira-ahibo-shakira-ahibo-bokultolor-bihuloi/ST86QiYJemw
  123. ↑ https://www.youtube.com/watch?v=B8kKadOR_bw
  124. ↑ https://www.highonfilms.com/casetu-nagen-2025-movie-review/
  125. ↑ https://timesofguwahati.com/Caseto-Nagen-to-hit-theatres-on-May-9
  126. ↑ "Case Tu Nagen". JioSaavn. https://www.jiosaavn.com/song/case-tu-nagen-from-case-tu-nagen/QiYPYgFicUM। আহৰণ কৰা হৈছে: 2026-09-27.
  127. ↑ "Bhola Bombhola Song". The Times of India. https://timesofindia.indiatimes.com/videos/entertainment/music/assamese/bhola-bombhola-song-schoololoi-goisila/videoshow/95903757.cms। আহৰণ কৰা হৈছে: 2026-09-27.
  128. ↑ https://timesofindia.indiatimes.com/title-song-shakira-ahibo-bokultolor-bihuloi/videoshow/61220995.cms
  129. ↑ https://www.moviefone.com/movie/shakira-ahibo-bokultolor-bihuloi/CltwgLEC0MZyaZV2t5A3X5/main/
  130. ↑ "Bulu Film". YouTube. https://www.youtube.com/watch?v=htnvHDbX0-4। আহৰণ কৰা হৈছে: 2026-09-27.
  131. ↑ "Dhan Kuborer Dhan". YouTube. https://www.youtube.com/watch?v=eF-09KZ9l6Y। আহৰণ কৰা হৈছে: 2026-09-27.
  132. ↑ "Bhaworiya Song". The Times of India. https://timesofindia.indiatimes.com/videos/entertainment/music/assamese/bhaworiya-song-deliya/videoshow/67381397.cms। আহৰণ কৰা হৈছে: 2026-09-27.
  133. ↑ https://timesofindia.indiatimes.com/videos/entertainment/music/assamese/bhaworiya-song-o-mure-premi-o/videoshow/67381341.cms
  134. ↑ https://rupaliparda.com/archives/17004
  135. ↑ "Chikun Api". YouTube. https://www.youtube.com/watch?v=WQgnlsuf2d8। আহৰণ কৰা হৈছে: 2026-09-27.
  136. ↑ ব্ৰজেন বৰা
  137. ↑ https://en.wikipedia.org/wiki/Zubeen_Garg_discography২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
  138. ↑ https://www.sentinelassam.com/amp/story/cities/guwahati-city/from-the-street-to-silver-screen-bhaworiya
  139. ↑ "Mascots, Icons and Theme Song to Encourage Voters' Participation in Kamrup". The Sentinel Assam. https://www.sentinelassam.com/cities/guwahati-city/mascots-icons-and-theme-song-to-encourage-voters-participation-in-kamrup। আহৰণ কৰা হৈছে: 2026-09-27.
  140. ↑ https://www.facebook.com/share/v/1CJyoyPwrX/
  141. ↑ https://www.instagram.com/reel/DbaU1LgkYm-/
  142. ↑ https://www.etvbharat.com/assamese/assam/sitara/tv-and-theater/singer-kumar-bhabesh-awareness-for-covid-19-etv-bharat-news/assam20200418200818260
  143. ↑ https://www.shazam.com/song/1631022986/baan-pani
  144. ↑ https://www.facebook.com/groups/853657704798360/posts/3000144613482981/
  145. ↑ "Assamese singer Kumar Bhabesh isn't satisfied with Pritam's explanation to his plagiarism charges". The Times of India. 2010-11-22. https://timesofindia.indiatimes.com/assamese-singer-kumar-bhabesh-isnt-satisfied-with-pritams-explanation-to-his-plagiarism-charges-says-bhabesh-i-am-a-folk-singer-of-assam-hence-i-am-aware-of-rabha-jikir-jaari-and-theonaam-of-pal-naam-there-are-no-influences-of-rabha-in-zkj-one-can-find-some-flavour-of-jikir-and-jaari-in-the-songs-antara-but-the-main-tune-of-pritamdas-song-has-been-lifted-from-my-songs-i-will-wait-for-my-legal-advisor-to-suggest-my-next-course-of-action-/articleshow/6970204.cms। আহৰণ কৰা হৈছে: 2026-09-27.
  146. ↑ https://timesofindia.indiatimes.com/entertainment/hindi/music/news/action-replayy-controversy-continues/articleshow/6970266.cms
  147. ↑ https://rajdweep.blogspot.com/2010/11/zor-ka-jhatka-pritam-accused-of-lifting.html?m=1
  148. ↑ https://www.pratidintime.com/assam-assembly-election-2026/singer-kumar-bhabesh-alleges-ai-misuse-of-najaba-najaba-song-to-target-congress-11455716